Tumi Junak ft. Ereka Lyrics
- Genre:Pop
- Year of Release:2022
Lyrics
তুমি হৈ তোমাতেই আছো মই চোৱানা নিজতে বিচাৰি
মৰমৰ এধানি তুমি যেন ৰ'দৰ সুৰভি
কিদৰেনো মই বুজাও তোমাক
তুমি কাষৰত মানেই জোনাক
বুকুৰ সপোনজাকে দিয়ে
মাথো অনুভৱ আজি তোমাৰ
এতিয়া সপোন নদীৰ পাৰত শুনো সুৰ হৃদয় বীণাৰ
সিঁচি যাঁও মাথো সেই সুৰ তোমাৰ য'ত তুমি জোনাক
এতিয়া সপোন নদীৰ পাৰত শুনো সুৰ হৃদয় বীণাৰ
সিঁচি যাঁও মাথো সেই সুৰ তোমাৰ য'ত তুমি জোনাক
তুমি চোৱা মোলে তুমি চোৱা তুমি চোৱা মোলে
তুমি ৰোৱা মোৰ হৈয়ে ৰোৱা চিৰজীৱনলে
এখনি অকণমাণি পৃথিৱী তুমি মোৰ
তোমাৰেই ভাৱনাতে মই আজি বিভোৰ
পোহৰৰ ছবি তুমি হিয়াৰে কোণৰ
ৰৈ যোৱা বাটৰ তুমি খোজ আৱেগৰ
জীৱনৰ প্ৰতিটো পুৱতিৰ এমুঠি ৰ'দ হৈ
কাষতে ৰ'বানে প্ৰেৰণাৰ এখনি নৈ হৈ
দুখৰ সাগৰ ভেদি সুৰুয খেদি বিচাৰি যাম পোহৰ
এন্ধাৰতো ৰ'বাহি মৰমৰ আভা হৈ তুমি